ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ’ব। উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে আজি আৰু কাইলৈ নতুন দিল্লীত হ’বলগীয়া ইৰাণ-ভাৰত ৰাজনৈতিক পৰামৰ্শৰ উনবিংশলানি আলোচনাত অংশ ল’ব। ভাৰত আৰু ইৰাণৰ মাজত প্ৰাচীন কালৰে পৰা ঐতিহাসিক সম্পর্ক আছে আৰু সাংস্কৃতিক তথা অর্থনৈতিক সম্বন্ধ এই সম্পৰ্কৰ মূল ভেটি। ২০০৩ চনত দেশ দুখনৰ মাজত স্বাক্ষৰিত কৌশলগত সহযোগিতা চুক্তিয়ে এই সম্পর্কক আনুষ্ঠানিক ৰূপ দিছে। এই সম্পৰ্ক বিশেষকৈ শক্তি আৰু বাণিজ্য ক্ষেত্ৰত অধিক শক্তিশালী হৈ উঠিছে আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১,৭৫০ কোটি ডলাৰ হৈছে।
Assamese | January 2, 2025 9:58 AM | Akashvani | Akashvani News
দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দিল্লীত উপস্থিত হ’ব