● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণকালত তেওঁ নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো হ’ব দেশৰ সৰ্ববৃহৎ গ্রীণফিল্ড বিমান বন্দৰ প্ৰকল্প। উল্লেখযোগ্য যে মুম্বাই মহানগৰ এলেকাৰ দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে পৰিগণিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হোৱা সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সৈতে একেধৰণে আন্তঃৰাষ্ট্ৰীয় মান ৰক্ষা কৰি নিৰ্মাণ কৰা হৈছে। এই বিমান বন্দৰটোৰে বছৰি ৯ কোটি বিমান যাত্ৰীৰ আহ-যাহ তথা ৩০ লাখ মেট্রিকটনতকৈও অধিক পৰিমাণৰ সা-সামগ্ৰী পৰিবহণৰ সুবিধা থাকিব।
Assamese | October 7, 2025 3:52 PM | Aakashbani | narendra modi | PMO Modi
দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী