■ ভাৰতৰ প্ৰধান সাংস্কৃতিক আৰু আধ্যাত্মিক উৎসৱসমূহৰ অন্যতম দীপাৱলীক আজি ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা UNESCO-ৰ মানৱতাৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র শেখাৱটে এই কথা সদৰি কৰি কয়, যে এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সঁচাকৈ আবেগিক ক্ষণ। তেওঁ কয়, যে পোহৰৰ উৎসৱ দীপাৱলী অকল উদযাপন কৰাই নহয়, বৰং প্রজন্ম প্রজন্ম ধৰি ইয়াক অনুভৱ কৰি অহা হৈছে। শ্ৰী শেখাৱটে কয়, যে এই স্বীকৃতিৰ জৰিয়তে দীপাৱলীৰ প্ৰতি অকল সন্মান ব্যক্ত কৰাই নহয়, বৰং পোহৰৰ উৎসৱৰ জীৱন্ত ঐতিহ্য অক্ষুণ্ণ ৰখাৰ দায়িত্বৰ বিষয়েও সোঁৱৰাই দিয়ে।
Assamese | December 10, 2025 3:29 PM | Akashvani | Akashvani News | Dipawali
দীপাৱলী উৎসৱক UNESCO-ৰ মানৱতাৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকাত অন্তৰ্ভুক্ত