● দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা ১৬ গেংগষ্টাৰ আৰু দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত চলি থকা অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে দিল্লী আৰক্ষীক ৮৫০ৰো অধিক জোৱানে যোৱা নিশা বৃহৎ অভিযান চলায়। দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই অভিযানত বিশেষকৈ ধন দাবী, অস্ত্ৰৰ অবৈধ ব্যৱসায়, ড্রাগছ সৰ্বৰাহ, ডকাইতি আৰু সামগ্ৰী কাঢ়ি নিয়া আদি অপৰাধত জড়িতসকলক লক্ষ্য কৰি লোৱা হয়। এই অভিযানকালত দিল্লী আৰু হাৰিয়ানাৰ ১৫০ৰো অধিক স্থানত দিল্লী আৰক্ষীয়ে তালাচী চলায়।
Assamese | December 6, 2025 3:52 PM | Akashvani | Akashvani News | Delhi Police
দিল্লী আৰু কাষৰীয়া অঞ্চলৰ পৰা ১৬ গেংগষ্টাৰ আৰু দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ