দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত আজি নিচেই পুৱাতে সংঘটিত এটা অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, কেইজনমান শ্রমিকে সাজি লোৱা অস্থায়ী শিবিৰত পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্রায় ৪৫ মিনিটতৰ অন্তত অগ্নিনির্বাপন বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সমৰ্থ হয়। ঘটনাটোত এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
Assamese | March 11, 2025 6:11 PM | Akashvani News | Delhi
দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত পুৱাতে সংঘটিত অগ্নিকাণ্ডত ৩ জন লোকৰ মৃত্যু