দক্ষিণ শালমাৰা মানকাচৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰিক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাথাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে।

এতিয়াৰে পৰা জনসাধাৰণে সাৰ বিক্ৰী এপৰ জৰিয়তেহে সাৰ ক্ৰয় কৰিব পাৰিব। জিলা আয়ুক্ত পৰিক্ষিত থাউদমে কয় যে কৃষকৰ মাটি আৰু শস্যৰ তথ্যৰ ভিত্তিত এপটোৱে প্ৰয়োজনীয় সাৰৰ পৰিমাণৰ বিষয়ে পৰামৰ্শ আগবঢ়াব। ইয়াৰ পিছত এপটোৰ জৰিয়তে সৃষ্টি হোৱা কিউ আৰ কোড ব্যৱহাৰ কৰি অনুমোদিত বিক্ৰেতাৰ পৰা কৃষকে সাৰ ক্ৰয় কৰিব পাৰিব।

এই নতুন ব্যৱস্থাৰ জৰিয়তে সাৰৰ অত্যাধিক ব্যৱহাৰ, কলা বজাৰ আৰু অনিয়মীয়া বিক্ৰী ৰোধৰ লগতে প্রকৃত কৃষকে সাৰ লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে কৃষক পঞ্জীয়ন থকা লোকেহে এনেদৰে সাৰ ক্ৰয় কৰিব পাৰিব। দক্ষিণ শালমাৰা মানকাচৰ জিলাত বৰ্তমানলৈকে প্ৰায় ২২ হাজাৰ কৃষকে বৰ্তমানলৈকে পঞ্জীয়ন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।