দক্ষতা ভাৰত আঁচনিৰ অধীনত দেশত এই পর্যন্ত এক কোটি ৪৬ লাখৰো অধিক লোকৰ দক্ষতা বিকশাই তোলা হৈছে বুলি কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আয়োজিত বিশ্ব যুৱ দক্ষতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰতৰ বিশেষ যাত্ৰাৰ অভিজ্ঞতা আছে আৰু ১০ বছৰ পূৰ্বে দক্ষতা বিকাশ আৰু উদ্যমিতাক পৃথক মন্ত্ৰ্যালয় হিচাপে গঠন কৰা হয়। বিগত ১০ বছৰৰ সাফল্যৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁৰ মন্ত্ৰালয়ে সৰ্বাত্মক আঁচনি ৰূপায়ণৰ দ্বাৰা ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যাত্ৰাত অৰিহণা যোগাব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, এই বছৰ বিশ্ব যুৱ দক্ষতা দিৱসৰ বিষয় হ’ল শান্তি আৰু উন্নয়ন। শান্তি থাকিলেহে উন্নয়ন সম্ভৱ হৈ উঠে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে দক্ষতা বিকাশৰ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতীসকলক আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।
Assamese | July 16, 2024 12:42 PM | India
দক্ষতা ভাৰত আঁচনিৰ অধীনত দেশত এই পর্যন্ত এক কোটি ৪৬ লাখৰো অধিক লোকৰ দক্ষতা বিকশাই তোলা হৈছে