ভাৰতীয় মহিলা ক্রিকেট দলে আজি কলম্বোত অনুষ্ঠিত ত্রিদেশীয় এদিনীয়া ক্রিকেট শৃংখলাৰ এখন খেলত দক্ষিণ আফ্ৰিকাক ১৫ ৰাণত পৰাস্ত কৰি একেৰাহে দ্বিতীয়খন খেলত জয়লাভ কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ছটা উইকেটৰ বিনিময়ত ২৭৬ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ প্রতীকা ৰাৱলে সৰ্বাধিক ৭৮ ৰাণ কৰে। অধিনায়ক হৰমনপ্রীত কৌৰে ৪১ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ৪৯ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬১ ৰাণহে কৰিবলৈ সমৰ্থ হয়।
Assamese | April 29, 2025 8:16 PM | Indian Women Cricket
ত্রিদেশীয় এদিনীয়া ক্রিকেট শৃংখলাত ভাৰতীয় মহিলা ক্রিকেট দলৰ হাতত দক্ষিণ আফ্ৰিকা ১৫ ৰাণত পৰাস্ত