অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাই যৌথভাৱে তিনিচুকীয়াত আয়োজন কৰা ১০ দিনীয়া অসম গ্রন্থমেলাত আজি বিয়লি উন্মিলন শীর্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। যুৱ লেখকসকলৰ মাজত গ্ৰন্থ সংস্কৃতি অধিক দৃঢ় কৰা আৰু পঠন অভ্যাস তথা বৌদ্ধিক চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। উন্মিলন অনুষ্ঠানত লেখকসকলৰ লগতে গীতিকাৰ-সুৰকাৰ, কণ্ঠশিল্পী-চিত্রশিল্পী আদিকো সামৰি লোৱা হয়। কবি-লেখক নৱজ্যোতি পাঠকে আজি এই অনুষ্ঠানৰ সঞ্চালনা কৰে। অনুষ্ঠানত ভালেসংখ্যক যুৱ কবি, লেখক, শিল্পী আদি উপস্থিত থাকে।
Assamese | December 4, 2025 7:20 PM | Akashvani | Akashvani Guwahati | Assam Book Fair | Tinisukia
তিনিচুকীয়াত ১০ দিনীয়া অসম গ্রন্থমেলাত আজি বিয়লি উন্মিলন শীর্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত