তামিলনাডুৰ ত্ৰিপুৰত আজি ২৬ জন অবৈধ বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য মতে এই বাংলাদেশী নাগৰিককেইজনে প্রয়োজনীয় নথি পত্র অবিহনে অঞ্চলটোত বাস কৰি আহিছিল। পালাডম অঞ্চলত ৰাজ্যখনৰ আৰক্ষী বাহিনীয়ে চলোৱা অভিযানত এই কথা পোহৰলৈ আহে। অবৈধ বাংলাদেশী নাগৰিককেইজন ভুৱা আধাৰ কাৰ্ডৰ পৰিচয়েৰে শ্ৰমিক হিচাপে কাম কৰি আছিল। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।
Assamese | June 19, 2025 5:08 PM | Akashvani | Akashvani News | Tamilnadu
তামিলনাডুৰ ত্ৰিপুৰত ২৬ জন অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ