ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কালি ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। যোৱা দুই অক্টোবৰত জিলা প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছিল যদিও কালি এই দিৱস বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনোৱাৰ লগতে জিলা প্ৰশাসনৰ আটাইবোৰ বিষয়া-কৰ্মচাৰীয়ে শিল্পীগৰাকীৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। বিশিষ্ট অতিথি পেইম থি গোহাঁয়ে ডিব্ৰুগড় জিলাৰ ইতিহাস সন্দৰ্ভত আলোকপাত কৰে। জিল আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে এখন নাট পৰিৱেশন কৰা হয়। অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।
Assamese | October 28, 2025 11:16 AM | Akashvani | Akashvani Guwahati | Dibrugarh District
ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস পালন