জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্রাট চৌধুৰী, বিজয় কুমাৰ সিন্হা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়ছোৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্রীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বিজেন্দ্ৰ প্ৰসাদ যাদৱ, জমা খান আৰু অশোক চৌধুৰীক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, চিৰাগ পাছোৱান আৰু এন ডি এৰ আন কেইবাগৰাকীও শীর্ষ নেতা উপস্থিত থাকে।
Assamese | November 20, 2025 7:57 PM | Akashvani | Akashvani News | BIHAR CM | Nitish Kumar
জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ