June 10, 2026 8:00 PM | Defence Ministry

printer

জি এন এছ এছ জেমাৰ ক্ৰয় কৰাৰ বাবে ৪৪৯ কোটি টকাৰ চুক্তিত স্বাক্ষৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি নৌ সেনা বাহিনীৰ বাবে উচ্চ সামর্থ্যৰ ২০টা গোলকীয় দিক্‌নির্দেশক প্রণালী জি এন এছ এছ জেমাৰ ক্ৰয় কৰাৰ বাবে ৪৪৯ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত স্বদেশী ডিজাইন, বিকাশ আৰু নিৰ্মাণ শাখাৰ অধীনত এই চুক্তি স্বাক্ষৰিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই জেমাৰ প্ৰণালীয়ে উপগ্ৰহৰ জৰিয়তে লাভ কৰা সংকেত গ্ৰহণ আৰু নিৰ্ধাৰিত পথত বাধা প্ৰদান কৰে আৰু পথ সলনি কৰি ভুৱা সংকেতৰ জৰিয়তে শত্রুপক্ষৰ জি এন এছ এছ প্ৰণালীৰ ৰিচিভাৰৰ কাম বিঘ্নিত কৰে। এই প্ৰণালীৰ অন্তৰ্ভুক্তিৰ ফলত বিপদৰ সময়ত নৌসেনা বাহিনীৰ জাহাজৰ পৰিচালন নিৰাপদ হৈ উঠিব।