জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত আজি নতুন দিল্লীত শক্তিশালী কার্য গোটৰ সপ্তদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নমানী গংগে কাৰ্যসূচীৰ অধীনত ৰূপৰেখা গঠন তথা পর্যাবেক্ষণৰ ব্যৱস্থা আৰু তথ্য ভিত্তিক সিদ্ধান্ত গ্রহণ প্রক্রিয়া শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হয়। তদুপৰি বৈঠকত সুপৰিকল্পিত নিষ্কাষণ ব্যৱস্থা তথা ইয়াৰ আন্তঃগাথনি সন্দৰ্ভতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। চলিত কেলেণ্ডাৰ বৰ্ষত ১৫ টা প্ৰদূষণ নিয়ন্ত্রণ আন্তঃগাথনি প্ৰকল্পৰ সম্পূৰ্ণ হোৱাৰ বিষয়েও তেওঁ উল্লেখ কৰে।
Assamese | January 6, 2026 1:51 AM | Akashvani | Akashvani News
জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত দিল্লীত শক্তিশালী কার্য গোটৰ সপ্তদশ বৈঠক অনুষ্ঠিত