ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইকন’মিক ফ’ৰামৰ সন্মিলন অনুষ্ঠিত হ’ব। সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ ৩হাজাৰৰো অধিক নেতাই অংশ ল’ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ ভাৰতৰ ১০০ গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্ৰতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰলেণ্ডৰ চহৰখনত বাহৰ পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ যোশী আৰু কে ৰামমোহন নাইডু এই সন্মিলনত উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে। অসমৰ উপৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীকেইগৰাকীয়ে বিনিয়োগকাৰীসকলৰ সন্মুখত নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব।
Assamese | January 19, 2026 8:01 PM | Akashvani | Akashvani News | World Economic Forum
ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইকন’মিক ফ’ৰামৰ সন্মিলন