ছত্তিশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। এই ঘটনাটোত জিলা সংৰক্ষিত বাহিনী, ডি আৰ জিৰ এজন জোৱানো শ্বহীদ হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দল বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্ত্তী বনাঞ্চলত উপস্থিত হোৱাৰ সময়তে মাওবাদীৰ দলটো তেওঁলোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিৰাপত্তা বাহিনীয়ে এই সংঘৰ্ষত নিহত দুয়োজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হয়।
Assamese | March 20, 2025 3:27 PM | Akashvani News | chhattisgarh maobadi
ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ২ মাওবাদী নিহত