চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজ মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে। এই অনুসাৰে এনে পিঁয়াজৰ প্ৰতি কুইণ্টলৰ মূল্য ১ হাজাৰ ৮৭৫ টকাৰ পৰা ২ হেজাৰ ১২৫ টকালৈ বৃদ্ধি পাইছে।
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে পিঁয়াজৰ এই নতুন সংশোধিত মূল্য আজিৰে পৰা প্রযোজ্য হৈছে।
মন্ত্ৰ্যালয়ে কৈছে যে সংশোধিত মূল্যই পিঁয়াজৰ খেতিয়ক সকলক উপকৃত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্রয় প্ৰক্ৰিয়া সুদৃঢ় কৰাত সহায় কৰিব।