বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীযূষ গোৱেলে কয় যে চিলিৰ সৈতে ভাৰতৰ বাণিজ্য সম্পৰ্কীয় আলাপ আলোচনা সিদ্ধান্ত পৰ্যায়ত উপনীত হৈছে। একেদৰে কানাডাৰ সৈতেও এনে আলোচনাই উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। নেডাৰলেণ্ডছ ভ্ৰমণৰ সময়ত আজি অনুষ্ঠিত এখন সংবাদমেলত বক্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে সম্প্ৰতি কেইবাখনো দেশ আৰু একাধিক গোটৰ সৈতে মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত মত বিনিময় কৰি আছে।
দক্ষিণ আফ্ৰিকাৰ নেতৃত্বাধীন Southern African Customs Union চমুকৈ SACU-ৰ সৈতেও এই সন্দৰ্ভত আলোচনা আৰম্ভ হোৱা বুলি জানিবলৈ দি শ্রীগোৱেলে কয়, যে এই আলোচনা আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ বাবে উভয় পক্ষৰ মাজত যোৱা আগষ্টত চুক্তি সম্পাদিত হৈছে। SACU-ৰ ৫ খন সদস্য ৰাষ্ট্ৰ হ’ল – Botswana, Eswatini অর্থাৎ পূৰ্বৰ Swaziland, Lesotho, নামিবিয়া আৰু দক্ষিণ আফ্রিকা।
আন বিভিন্ন চুক্তিৰ প্ৰসংগত, মেক্সিকোৱে আগতীয়া শস্য সম্পৰ্কীয় বাণিজ্য চুক্তি সম্পাদনৰ বাবে আগ্রহ প্ৰকাশ কৰা বুলি উল্লেখ কৰাৰ লগতে ব্রাজিলৰ শেহতীয়া নিৰ্বাচনৰ পাছত পূৰ্বৰ চৰকাৰখনেই বাহাল থকাৰ পৰিপ্ৰেক্ষিতত দক্ষিণৰ উমৈহতীয়া বজাৰৰ সৈতে মুক্ত বাণিজ্য বিষয়ৰ আলোচনা অধিক সম্প্ৰসাৰিত হব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে৷