বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ কীৰ্তি বর্ধন সিঙে আজি কয়, যে চাংহাই সহযোগিতা সংস্থা কেৱল আঞ্চলিক সম্বন্ধৰ বাবে নহয়, ই ভাৰতক ইউৰোপ আৰু এছিয়াৰ সৈতে ঐতিহাসিক আৰু সভ্যতাৰ অংশীদাৰ হিচাপে সংযোগ কৰাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা।
তাজিকিস্তানত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাগ লোৱাৰ সময়ত তেওঁ কয়, যে এই সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত থকা ভাৰতৰ দৃষ্টিভংগী, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ পৰিকাথামোৰৰ দ্বাৰা পৰিচালিত। তেওঁ কয়,যে এই ক্ষেত্ৰত মধ্য এছিয়াই বিশেষ স্থান অধিকাৰ কৰিছে।
মন্ত্ৰীগৰাকীয়ে কয়, যে চাংহাই সহযোগিতা সংস্থাৰ সভ্যতা আলোচনা মঞ্চ উদ্বোধনী সংস্কৰণ কলকাতাত অহা ১৭ জুলাইৰ পৰা ১৯ জুলাইলৈ অনুষ্ঠিত হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী ভাষণ দিব।