বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ইছলামাবাদত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ দুদিনীয়া ভ্রমণসূচীৰে ইতিমধ্যে ৰাজধানী ইছলামাবাদত উপস্থিত হৈছে। পাকিস্তানৰ অধ্যক্ষতাত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ এই বৈঠকত ড০ জয়শংকৰে ভাৰতক প্রতিনিধিত্ব কৰিব। ভাৰতে চাংহাই সহযোগিতা সংস্থাৰ সকলো ধৰণৰ কাম-কাজৰ সৈতে সক্রিয়ভাৱে জড়িত হৈ আহিছে। প্ৰতি বছৰে চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকৰ আয়োজন কৰা হয় আৰু এই বৈঠকত বাণিজ্য আৰু অর্থনৈতিক কাৰ্যসূচী লৈ আলোচনা কৰা হয় ৷ ড০ জয়শংকৰে ইতিপূৰ্বে তেওঁৰ পাকিস্তান যাত্ৰাৰ উদ্দেশ্য বহুপাক্ষিক বুলি মন্তব্য কৰিছিল আৰু দ্বিপাক্ষিক আলোচনাৰ সম্ভাৱনা নুই কৰিছিল। বিগত ৯ বছৰত এয়া ভাৰতীয় বিদেশ মন্ত্ৰীৰ প্ৰথম উচ্চ পৰ্যায়ৰ পাকিস্তান ভ্রমণ ৷
Assamese | October 16, 2024 11:16 AM | DR. S. joysankar
চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ পাকিস্তান ভ্রমণ