চলিত ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক হ’ব

চলিত ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক হ’ব।

এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক আৰু শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষসকললৈ ৰাজ্যিক শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ, এছ চি ই আৰ টিৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ লগতে পাঠ্যপুথি, শ্রেণীকোঠাত পাঠদান মূল্যায়ন সম্পৰ্কীয় নির্দেশনা সংলগ্ন কৰি দিয়া হৈছে।

এছ চি ই আৰ টিৰ সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি দুয়োটা বিষয়ৰে পাঠদান চলিত জুনৰ পৰাই হ’ব। এছ চি ই আৰ টিয়ে ইতিমধ্যে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু অসমৰ ভূগোল শীর্ষক পাঠ্যপুথিকেইখন পৃথকে পৃথকে প্রণয়ন কৰি উলিয়াইছে।

মূলতঃ অসমৰ সমৃদ্ধ ইতিহাস আৰু ভৌগোলিক বৈচিত্ৰৰ বিষয়ে শিক্ষার্থীসকলৰ জ্ঞান অৰ্জনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।