চলিত বৰ্ষৰ পুৰুষৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে চলিত বৰ্ষৰ পুৰুষৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। জাপানৰ কাকামিগাহাৰাত অনুষ্ঠিত ছেমিফাইনেলত পাকিস্তানক ৫-৩ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

কাইলৈ হ’বলগীয়া ফাইনেল খেলত ভাৰত জাপানৰ সন্মুখীন হ’ব। প্ৰতিযোগিতাত তৃতীয় স্থানৰ বাবে পাকিস্তান আৰু মালয়েছিয়াৰ মাজত খেল অনুষ্ঠিত হ’ব।
ইপিনে ভাৰতৰ ১৮ বছৰ অনুৰ্ধ মহিলা দলটো প্ৰতিযোগিতাৰ ছেমি ফাইনেলত চীনৰ হাতত পেনাল্টী শ্বুট আউটত পৰাস্ত হয়।