চলিত বৰ্ষত ৰে’ল যোগে সামগ্ৰী পৰিবহনৰ হাৰ ৪শতাংশ বৃদ্ধি হৈছে। বিগত বৰ্ষৰ জুন মাহৰ তুলনাত চলিত বছৰৰ একে সময়ছোৱাত এই বৃদ্ধি পঞ্জীভুক্ত হৈছে বুলি ভাৰতীয় ৰে’ল বিভাগে প্ৰকাশ কৰিছে। যোৱা মাহত ৰে’ল যোগে ১৪ কোটি ২০ লাখ টন সামগ্ৰী পৰিবহন হৈছে বুলি ৰে’ল মন্ত্ৰ্যালয়ে অৱগত কৰে।
চলিত বৰ্ষৰ জুনত ৰে’ল যোগে ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যাও চকুত লগাকৈ বৃদ্ধি হৈছে বুলি মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰিছে। ৬৩ কোটি ৮১ লাখ যাত্ৰীয়ে যোৱা মাহত ৰে’ল যোগে ভ্ৰমণ কৰিছে বুলি প্ৰকাশ কৰি এই সংখ্যা বিগত বৰ্ষৰ জুনতকৈ অধিক বুলিও মন্ত্ৰ্যালয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে যোৱা জুনত নতুনকৈ উদ্বোধন কৰা চাৰিটা ৰে’ল সেৱাৰ সৈতে দেশত সৰ্বমুঠ অমৃতভাৰত ৰে’লসেৱা ৭২ লৈ বৃদ্ধি পাইছে।
শেহতীয়াকৈ হাওৰা আৰু কামাখ্যাৰ মাজত আৰম্ভ হোৱা বন্দে ভাৰত শ্ৰীপাৰ সেৱাকে ধৰি দেশত বন্দে ভাৰত ৰে’ল সেৱাও ১৬৪ লৈ বৃদ্ধি পাইছে।