গোৱালাপাৰা জিলাত বিগত বৰ্ষৰ দৰে এইবাৰো ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ তত্বাৱধানত যোৱা ১ নৱেম্বৰৰ পৰা কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত ধান বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ বিতৰণ কৰি থকা হৈছে। কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰাৰ বাবে কালি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত ধান ক্ৰয় কৰা প্ৰতিনিধি আৰু ধান কলৰ স্বত্বাধিকাৰীসকল উপস্থিত থাকে। এইবাৰ ৰাজ্য চৰকাৰে ন্যূনতম সমর্থন মূল্যৰে ধান ক্রয়ৰ কৰাৰ বাবে গোৱালাপাৰা জিলাক মুঠ ১৭ হাজাৰ কুইণ্টল বান্ধি দিছে।
Assamese | November 12, 2024 1:25 PM | Goalpara | Paddy | Paddy Assam
গোৱালাপাৰা জিলাত ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ