February 23, 2025 11:57 AM

views 64

প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কৰ পৰা কৃষি বিভাগৰ সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা

ৰাজ্যৰ কৃষি বিভাগে তৃতীয়বাৰৰ বাবে প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কসকলৰ পৰা সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা কৰিছে। অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদ, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড আৰু অসম ৰাজ্যিক পন্যাগাৰ নিগমৰ জৰিয়তে সৰিয়হ ক্ৰয় কৰা হ'ব। কৃষি বিভাগে অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৫ মে' লৈ ক্ৰয়ৰ সময়সীমা নির্ধাৰণ কৰিছে। কৃষকসকলে সৰিয়হ বিক্ৰীৰ বাবে ই-সমৃদ্ধি প’ৰ্টেলত পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। ইয়াৰ লগতে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষক প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিব লাগি...

November 12, 2024 1:25 PM

views 43

গোৱালাপাৰা জিলাত ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

গোৱালাপাৰা জিলাত বিগত বৰ্ষৰ দৰে এইবাৰো ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ তত্বাৱধানত যোৱা ১ নৱেম্বৰৰ পৰা কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত ধান বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ বিতৰণ কৰি থকা হৈছে। কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰাৰ বাবে কালি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত ধান ক্ৰয় কৰা প্ৰতিনিধি আৰু ধান কলৰ স্বত্বাধিকাৰীসকল উপস্থিত থাকে। এইবাৰ ৰাজ্য চৰকাৰে ন্যূনতম সমর্থন মূল্যৰে ধান ক্রয়ৰ...

November 10, 2024 11:56 AM

views 55

কেন্দ্ৰীয় চৰকাৰৰ শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয়

চৰকাৰে এইবাৰৰ খাৰিফ বিপণন বৰ্ষত শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয় কৰিছে আৰু ইয়াৰ পৰা পাঞ্জাবৰ ৬ লাখ ৫৮ হাজাৰৰো অধিক খেতিয়ক উপকৃত হৈছে। খেতিয়কসকলক ২৭ হাজাৰ ৯৯৫ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্য আদায় দিয়া হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে চৰকাৰে উন্নতমানৰ এ-গ্রেট ধানৰ বাবে নিৰ্ধাৰণ কৰা প্ৰতি কুইণ্টলত  ২,৩২০ টকা ন্যূনতম সমৰ্থন মূল্যত ধান ক্রয় কৰি আছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে চলিত খাৰিফ বিপণন বৰ্ষত ১৮৫ লাখ মেট্রিকটন ধান ক্ৰয় কৰাৰ লক্...

November 3, 2024 8:43 PM

views 84

কেন্দ্ৰীয় চৰকাৰৰ ৩০ নৱেম্বৰলৈ চলিত বিপনন সত্ৰ ১৮৫ লাখ টন ধান ক্ৰয়ৰ সিদ্ধান্ত

চৰকাৰে কৈছে যে, পাইকাৰী বজাৰলৈ ৯০ লাখ টনৰো অধিক ধান আহিছে। ইয়াৰ ভিতৰত পাঞ্জাবত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থাসমূহে আৰু ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে। গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে এ গ্রেড ধানৰ বাবে ধাৰ্য্য কৰা প্ৰতিকুইণ্টলত ২,৩২০ টকা মূল্যত এই ধান ক্ৰয় কৰা হৈছে। চৰকাৰে বৰ্তমানলৈকে এইবাৰৰ খাৰিফ বিপনন বৰ্ষত ১৯,৮০০ কোটি টকাৰ ধান ক্ৰয় কৰিছে আৰু ইয়াৰ পৰা ৪ লাখ খেতিয়ক উপকৃত হৈছে। পাঞ্জাবত ২০২৪-২৫ খাৰিফ বিপনন বৰ্ষৰ বাবে পহিলা অক্টোবৰত ধান ক্ৰয়ৰ প্ৰক্...