কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰ দিশটোৰ লগতে নিৰাপত্তাজনিত অন্যান্য বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ’ব। জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই অঞ্চলটোত শান্তি আৰু স্থিৰতা কৌশলসমূহ পুনৰীক্ষণ কৰাৰ বাবে এই বৈঠকত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্র দ্বিবেদী, কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ সঞ্চালক সদানন্দ ডাতে, বি এছ এফৰ মুৰব্বী দলজিৎ সিং চৌধুৰী আৰু অন্যান্য বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে।
Assamese | December 19, 2024 8:31 PM | Amit sah | HM India
গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত