গুজৰাট চৰকাৰে ২০০১ চনত নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যখনৰ বিকাশৰ যাত্ৰা উদযাপন কৰাৰ উদ্দেশ্যে আজিৰ পৰা বিকাশ সপ্তাহ পালন কৰিব। কেবিনেট মন্ত্ৰী ৰুচিকেশ পেটেলে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি এই সপ্তাহটোত উল্লেখযোগ্য স্থানসমূহত বিকাশ পদযাত্ৰাকে ধৰি এলানি কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। তদুপৰি এই সময়ছোৱাত ৰাজ্যখনত ৩ হাজাৰ ৫০০ কোটি টকাতকৈ অধিক নির্মাণ ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক কামৰ সূচনা কৰা হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে নৰেন্দ্ৰ মোদীৰ প্ৰশাসন সন্দৰ্ভত জনসাধাৰণে তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰিব পাৰিব।
Assamese | October 7, 2024 11:02 AM | BJP Gujrat | Gujarat Govt | narendra modi
গুজৰাট চৰকাৰে আজিৰে পৰা বিকাশ সপ্তাহ পালন কৰিব