কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। ডাঃ সঞ্জয় এগৰাকী প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ হোৱাৰ উপৰি গৱেষক, শিক্ষাবিদ, লেখক, সুবক্তা, কবি আৰু সমাজকৰ্মী হিচাপেও খ্যাতি অৰ্জন কৰিছে। কেইবাটাও জটিল অস্ত্ৰোপচাৰ, চিকিৎসা বিষয়ক গৱেষণা আৰু সামাজিক ক্ষেত্ৰত কৃতিত্বৰ বাবে তেওঁৰ নাম গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছতো অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে দেশৰ চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এইমছ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। ২০১৭ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা এইমছ গুৱাহাটীয়ে উত্তৰ- পূৰ্বাঞ্চলৰ জনসাধাৰণক গুণগত মান সম্পন্ন স্বাস্থ্য সেৱা আৰু চিকিৎসা সেৱাৰ উপৰি শিক্ষাৰ্থীসকলক গৱেষণাৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
Assamese | August 18, 2025 9:21 PM | AIIMS | Akashvani Guwahati | Akashvani News | All_India_Institute_of_Medical_Sciences | _Guwahati
খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত