কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৰ্হিঃ বিভাগ সেৱা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত ২০২৯ চনলৈ মুঠ ২৪ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ লগতে নতুনকৈ দৰং, হোজাই আৰু হাইলাকান্দিত চিকিৎসা মহাবিদ্যালয়ৰ বাবে বাজেটত ধন আৱণ্টন কৰা হ’ব। তেওঁ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনা বিষয়ক এটা প’ৰ্টেলো উন্মোচন কৰে। এক কোটি কৰ্কট ৰোগৰ পৰীক্ষণৰ মেগা কাৰ্যসূচী তথা কৰ্কট ৰোগৰ প্ৰশিক্ষণৰ বাবে ভাৰতী এয়াৰটেল গ্ৰুপৰ কোম্পানী ইণ্ডাচ টাৱাৰ আৰু অসম কৰ্কট ফাউণ্ডেচনৰ মাজত হোৱা বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত তেওঁ ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে।