■ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণ দেৱীয়ে কাইলৈ নতুন দিল্লীত ভাৰতক বাল্য বিবাহমুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিব। দিল্লীক বাল্য বিবাহমুক্ত ভাৰত অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সজাগতা অভিযানৰ অধীনত বাল্য বিবাহ ৰোধ কৰাৰ সংকল্প গ্ৰহণ কৰা হ’ব আৰু দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰেৰণাদায়ক কাহিনীসমূহক আলম হিচাপে লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। এই অভিযানৰ জৰিয়তে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ জনসাধাৰণ, প্ৰতিষ্ঠান আৰু নেতৃস্থানীয় লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ আৰু বাল্য বিবাহমুক্ত ভাৰত গঢ়ি তোলাৰ বাবে আহ্বান জনাব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়তী ৰাজ, গ্ৰামোন্নয়ন আৰু শিক্ষা মন্ত্ৰালয়ৰ ঘনিষ্ঠ সহযোগিতাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। যোৱা বছৰ ২৭ নৱেম্বৰত আৰম্ভ কৰা বাল্য বিবাহমুক্ত ভাৰত অভিযানে যোৱা ২৭ নৱেম্বৰত এবছৰ সম্পূৰ্ণ কৰিছে।
Assamese | December 3, 2025 3:58 PM | Akashvani | Akashvani News | Annapurna Devi | Child Marriage
কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণ দেৱীয়ে কাইলৈ বাল্য বিবাহমুক্ত দেশ হিচাপে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিব