কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি চৰাইদেউ জিলাত বিভিন্ন কাৰ্যসূচীৰে সু-শাসন সপ্তাহ ২০২৪ উদযাপন কৰা হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা তথা কৰ্মশালাৰ আয়োজন কৰা হয়। চৰাইদেউ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ভূঞাৰ অধ্যক্ষতাত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।তামুলপুৰ জিলাতো সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, মহিলা আৰু শিশু কল্যাণ, শিক্ষা, দক্ষতা বিকাশ, সমাজ কল্যাণ আদি বিভাগে বিভিন্ন কার্যসূচী গ্ৰহণ কৰিছে। এই সময়ছোৱাত সু-শাসনৰ সৈতে জীৱনৰ মান সম্পৰ্কীয় আলোচনা, চৰকাৰী কাম-কাজৰ পৰ্যালোচনা, স্বাস্থ্য সজাগতা শিবিৰ আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন প্রতিযোগিতা আদি অনুষ্ঠিত কৰা হ’ব। উল্লেখযোগ্য যে প্রশাসন যন্ত্ৰক স্বচ্ছ আৰু নিকা কৰাৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ লৈ যোৱাটোৱে এই সপ্তাহৰ অন্যতম লক্ষ্য।
Assamese | December 19, 2024 7:51 PM | Akashvani | Akashvani News
কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান