কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিক কপাহ উৎপাদনশীলতা অভিযানৰ বিষয়ে অৱগত কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ দিশত মন্ত্ৰালয়ে গ্রহণ কৰা সামগ্রিক দৃষ্টিভংগীৰ শলাগ লয়।

সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত উপ- ৰাষ্ট্ৰপতিয়ে উদ্ভাৱনক ত্বৰান্বিত কৰিবলৈ সময়সীমাবদ্ধ অনুমোদন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ প্ৰতি একৰ কপাহৰ উৎপাদন উন্নত কৰাৰ বাবে স্পষ্ট আৰু জুখিব পৰা লক্ষ্যৰ বাবেও আহ্বান জনায়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ উৎপাদন অভিযানৰ বিষয়ে অধিক জনসচেতনতাত গুৰুত্ব আৰোপ কৰে আৰু গুণগত মানৰ কপাহৰ চাহিদা পূৰণৰ বাবে বজাৰ ব্যৱস্থাতো গুৰুত্ব আৰোপ কৰে।