কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমান্ত অঞ্চলসমূহত পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২,০৬০ টা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত প্ৰতিটো ঘৰৰ বাবে ২ লাখ টকাকৈ আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত প্ৰতিটো ঘৰৰ বাবে ১ লাখ টকাকৈ অতিৰিক্ত ক্ষতিপূৰণৰ কথা ঘোষণা কৰা বুলি গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। মন্ত্ৰালয়ে প্রকাশ কৰা অনুসৰি এই সিদ্ধান্ত ক্ষিপ্ৰতাৰে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰা হ’ব। পঞ্জাব সীমান্তৰ ক্ষতিগ্ৰস্ত ঘৰসমূহৰ বাবেও একে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।
Assamese | June 10, 2025 8:16 PM | Akashvani News | Central Govt. | India and Pakistan
কেন্দ্ৰই পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২,০৬০ টা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰিব