কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে গুজৰাটৰ সবৰমতীত কেইবাটাও ৰে’ল উন্নয়ন প্রকল্প মুকলি কৰে

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ সবৰমতীত ১৫০০ কোটি টকাতকৈও অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও ৰে’ল উন্নয়ন প্রকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে সবৰমতী ষ্টেচনৰ পৰা দেশৰ প্ৰথমখন তৰল প্রাকৃতিক গেছচালিত ৰেল পতাকা জোকাৰি মুকলি কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলো উপস্থিত থাকে।

উল্লেখযোগ্য যে দেশৰ প্ৰথমখন তৰল প্রাকৃতিক গেছচালিত ৰে’লত ডিজেল-তৰল প্রাকৃতিক গেছৰ দ্বৈত ইন্ধন ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে। এই ৰেলখনৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে দেশৰ সেউজ পৰিবহন যাত্ৰাত তথা কাৰ্বনৰ নিৰ্গমন শূন্যলৈ অৱনমিত কৰাৰ বাবে দেশে গ্ৰহণ কৰা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি সাধিত হৈছে।

অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে বিগত ১২ বছৰত ভাৰতীয় ৰে’ল ব্যৱস্থাত হোৱা উল্লেখযোগ্য পৰিৱৰ্তনসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ৰে’ল খণ্ডত বার্ষিক ডিজেলৰ ব্যৱহাৰ পূৰ্বৰ ২৯৩ কোটি লিটাৰৰ পৰা সম্প্ৰতি ১০৮ কোটি লিটাৰলৈ হ্রাস কৰা সম্ভৱ হৈছে।

তদুপৰি ডিজেলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে বুলিও তেওঁ প্রকাশ কৰে। ২০১০ বৰ্ষৰ সময়চোৱাত প্ৰতি বছৰে প্ৰায় ৭৫ কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সম্প্রতি প্ৰতি বছৰে প্ৰায় ৭,১৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ বৈদ্যুতিকীকৰণৰ কাম কৰি থকা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।