August 13, 2026 9:09 PM | Har Ghar Tiranga

printer

কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা, বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীয়ে আজি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত গৃহমন্ত্রী অমিত শ্বাহে কয়, যে এই অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱনা আৰু গৌৰৱবোধক অধিক শক্তিশালী কৰি তুলিছে। নতুন দিল্লীৰ নিজৰ বাসগৃহৰ পৰা এই অভিযানত অংশগ্ৰহণ কৰি শ্রী শ্বাহে কয়, যে দেশৰ কোটি কোটি নাগৰিক ত্ৰিৰংগাৰ সৈতে একাত্ম হৈ এক ভাৰত শ্রেষ্ঠ ভাৰতৰ মনোভাৱক সুদৃঢ় কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে দিয়া বার্তাত কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বান মর্মে সমগ্র দেশে হৰ ঘৰ ত্ৰিৰংগা অভিযান উদযাপন কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰেও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে তোলা এখন আলোকচিত্র শ্বেয়াৰ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।