কামৰূপ মহানগৰ জিলাত আজি নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া লখিমী দত্তই এই অভিযান মুকলি কৰে। উল্লেখযোগে যে নিউম’নিয়াৰ দৰে গুৰুতৰ ৰোগত আমাৰ দেশৰ ৫ বছৰৰ তলৰ বহু শিশু আক্ৰান্ত হোৱাৰ লগতে এই ৰোগত ভালেসংখ্যকৰ মৃত্যু হয়। সেয়েহে এই ৰোগ নিৰ্মূল কৰিবলৈ সামাজিক সজাগতা আৰু পদক্ষেপৰ অতি প্রয়োজন। এই উদ্দেশ্যে আজিৰ পৰা অহা বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ এই অভিযানৰ অধীনত আশাকৰ্মীসকলে নিউম’নিয়াৰ লক্ষণসমূহ আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে কৰণীয়সমূহ সন্দৰ্ভত ঘৰে ঘৰে গৈ সজাগতাৰ সৃষ্টিৰ লক্ষ্য লোৱা হৈছে। আজিৰ অনুষ্ঠানত স্বাস্থ্য বিষয়াকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক আৰু জিলাভিত্তিক বিষয়া- কৰ্মচাৰীসকলৰ লগত ভালেসংখ্যক চিকিৎসক তথা চিকিৎসাকর্মী উপস্থিত থাকে।
Assamese | November 20, 2025 7:14 PM | Akashvani | Akashvani News | Kamrup District
কামৰূপ মহানগৰ জিলাত নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ