ওদালগুৰি জিলাৰ ২ নম্বৰ সাতঘৰীয়া গাঁৱত আজি পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে হাতীগড় আৰু মাজুলী চাহ বাগিচাত আশ্ৰয় লৈ পুৱতি নিশা গাঁৱত প্ৰৱেশ কৰে। হাতীৰ গচকত ফুগ্নী মুণ্ডা নামৰ মহিলাগৰাকীৰ মৃত্যু হয় বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।
Assamese | May 29, 2025 6:58 PM | Akashvani Guwahati | Local news | wild elephant
ওদালগুৰিৰ ২ নম্বৰ সাতঘৰীয়া গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু