● লর্ডছত চলি থকা এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৫৮ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। কালি খেল সামৰাৰ পৰলৈকে কে এল ৰাহুলে ৩৩ ৰান কৰি খেলি আছিল। লৰ্ডছ টেষ্ট জয়ৰ বাবে ভাৰতক সম্প্ৰতি ১৩৫ ৰানৰ প্ৰয়োজন। চতুর্থ দিনৰ শেষৰটো বলত কালি ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে আকাশ দীপক মাত্র ১ ৰানতে আউট কৰে। ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ১৯২ ৰান কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে ৪টা, মহম্মদ ছিৰাজ আৰু যশপ্রীত বুমৰাই দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে ইনিংছ আৰম্ভ কৰিয়েই জোফ্রা আৰ্ছাৰৰ বলত য়শস্বী জয়ছোৱালৰ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয়। ইপিনে, অধিনায়ক শুভমন গিল আৰু কৰুণ নায়াৰ ব্ৰাইডন কাৰ্চৰ বলত আউট হৈ পেভিলিয়নলৈ উভতে।
Assamese | July 14, 2025 11:30 AM | Cricket | SPORTS
এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিন