এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতে ২-২ৰ সমতা স্থাপন কৰিছে। অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম টেষ্টৰ আজি পঞ্চম দিনা কেৱল ৫৭ মিনিটতে ভাৰতীয় বলাৰ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৪ টা উইকেট অধিকাৰ কৰি দলক অবিশ্বাস্য বিজয়ৰ সোৱাদ দিয়ায়। ইংলেণ্ড ৬ ৰাণত পৰাজিত হয়। মহম্মদ চিৰাজে বিধবংসী বলিঙেৰে ইংলেণ্ডৰ দ্বিতীয় ইনিংছত পাঁচটা উইকেট দখল কৰে। মহম্মদ চিৰাজক প্লেয়াৰ অব দ্য মেচ আৰু শুভমন গিলক প্লেয়াৰ অব দ্য চিৰিজ ঘোষণা কৰা হয়।
Assamese | August 4, 2025 8:11 PM | Cricket | Indian Sports | Mohammed Siraj
এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতৰ ২-২ৰ সমতা স্থাপন