■ বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাত জাপানক ৩-২ গলত পৰাস্ত কৰি ভাৰতে ছুপাৰ – ফ’ৰ পৰ্যায়ত প্ৰৱেশ কৰিছে।
ভাৰতৰ হৈ মনদীপ সিঙে খেলখনৰ ৩ মিনিটতে প্ৰথমটো গ’ল দিয়ে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্রীত সিঙে অনবদ্য প্রদর্শন অব্যাহত ৰাখি দুটাকৈ গ’ল দিয়ে। ভাৰতীয় দলৰ গল ৰক্ষক কৃষ্ণা বাহাদুৰ পাঠকে প্রতিপক্ষ কেইবাটাও গ’ল প্ৰতিহত কৰি প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়ায়। জাপানৰ হৈ কোচেই কাৱাবেয়ে দুটা গ’ল দিয়ে। ভাৰতে আজি ৰাজগীৰৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া ষ্টেডিয়ামত কাজাখাস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।
Assamese | September 1, 2025 11:39 AM | Akashvani News | Asia Cup | Asia Cup Hockey | SPORTS
এছিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে ছুপাৰ – ফ’ৰ পৰ্যায়ত প্ৰৱেশ