উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি লুধিয়ানাৰ পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব। তেওঁ বিশ্ববিদ্যালয়খনত জলবায়ু পৰিৱৰ্তন আৰু শক্তি পৰিৱৰ্তনৰ সময়ত কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰ বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানেও ভাগ ল’ব।
ইয়াৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৩২ সংখ্যক ছট পল মিটাল ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ছট পল মিটাল বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে বাৰ্তালাপ অংশগ্ৰহণ কৰিব।
Assamese | November 12, 2024 8:07 AM | Jagdeep Dhankhar | VP India
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব