উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰ। তেওঁ ভাৰতীয় ডাক আৰু দূৰ সংযোগ গণনা আৰু বিত্ত সেৱা বিভাগৰ নতুন দিল্লীত অনুষ্ঠিত ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এইদৰে কয়। সঠিক ব্যাখ্যা আৰু আলোচনাই উভয় পক্ষকে উপকৃত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সমন্বয়েই হ’ল দুয়োপক্ষৰ সাফল্যৰ চাবিকাঠী। আত্মসমালোচনা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে আধুনিক অসামৰিক সেৱাৰ লোকসকল প্রযুক্তিগত ভাৱে আগবঢ়া হ’ব লাগে আৰু পৰম্পৰাগত প্ৰশাসনিক সীমা অতিক্ৰম কৰি কাম কৰিব পৰা হ’ব লাগে৷
Assamese | December 14, 2024 3:16 PM | Jagdeep Dhankhar | VP India
উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰঃ উপ ৰাষ্ট্ৰপতি ধনখড়