সাংসদ গৌৰৱ গগৈয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে’লৱেক পুনগঠন কৰাৰ পোষকতা কৰিছে। আজি কোকৰাঝাৰত অসম ৰে’ল যাত্ৰী সন্থাৰ বি টি আৰ শাখাৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰাৰ সময়ত শ্ৰীগগৈয়ে এই মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰে’ল সম্পৰ্কীয় বিভিন্ন বিষয় লৈ তেওঁ অচিৰেই ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰিব আৰু ৰে’লযাত্ৰীসকলৰ কেতবোৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত ৰে’ল মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব। তেওঁ কয় যে নতুন দিল্লীত তেওঁ ৰে’ল বোৰ্ডৰ অধ্যক্ষগৰাকীৰ সৈতেও বৈঠকত মিলিত হ’ব।
ৰে’লযাত্ৰী সন্থাৰ প্ৰতিনিধি দলটোৱে সাংসদ গৌৰৱ গগৈক প্ৰদান কৰা স্মাৰক-পত্ৰখনত কোকৰাঝাৰত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ ৰেলগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰা, আলিপুৰ দুৱাৰ আৰু কামাখ্যা আৰু নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত ইণ্টাৰচিটী এক্সপ্ৰেছৰ পুনৰ প্ৰৱৰ্তন, পদাতিক এক্সপ্ৰেছ, তিস্তা-টর্চা এক্সপ্ৰেছ আৰু পাহাৰীয়া এক্সপ্ৰেছক নিউ বঙাইগাঁও অথবা ৰঙিয়ালৈ সম্প্ৰসাৰিত কৰা আৰু অসমত ই এম ইউ আৰু এম ই এম ইউ শ্ৰেণীৰ স্থানীয় ৰে’লৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ৰে’ল মন্ত্ৰালয়ৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ লোকসভাৰ বিৰোধী উপ-দলপতি গৰাকীক অনুৰোধ জনায়।
Assamese | June 23, 2025 7:44 PM | Akashvani | Akashvani News | Gaurav Gogoi
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে’লৱেক পুনগঠন কৰাৰ পোষকতা সাংসদ গৌৰৱ গগৈৰ