কংগ্ৰেছ দলে শেহতীয়াকৈ উজনি অসমত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটা বুলি অভিযোগ তুলিছে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাক্তন সাংসদ ৰিপুণ বৰাই ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্র সমালোচনা কৰাৰ লগতে চৰকাৰখন ৰাইজক নিৰাপত্তা প্ৰদানত ব্যর্থ হৈছে বুলি অভিযোগ তোলে। তেওঁ ৰাজ্যখনত যদি সঁচাকৈয়ে অবৈধ বিদেশী নাগৰিক আছে তেন্তে বিতাড়নৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। সংবাদমেলত প্রদেশ কংগ্ৰেছৰ উপ-সভাপতি মেহদি আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ, জ্যেষ্ঠ মুখপাত্র ঋতুপৰ্ণ কোঁৱৰ আৰু মুখপাত্ৰ ৰিতম সিং উপস্থিত থাকে।
Assamese | August 7, 2025 8:01 PM | Assam pradesh congress committee | Congress | INC | Ripun Bora
উজনি অসমত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ কংগ্ৰেছ দলৰ