August 17, 2025 7:22 PM

views 69

বাক্সাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত জনসভাত উপস্থিত গৌৰৱ গগৈ

● বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ কেশৱ নগৰত আজি ককলাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বুদ্ধদেৱ ফাদাঙগিৰীৰ সভাপতিত্বত অনুষ্ঠিত এই জনসভাত অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি শ্ৰী গগৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সভাত কংগ্ৰেছ দলৰ বিধায়ক আব্দুল ৰহিম আহমেদকে ধৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্রহণ কৰে।

August 7, 2025 8:01 PM

views 64

উজনি অসমত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ কংগ্ৰেছ দলৰ

কংগ্ৰেছ দলে শেহতীয়াকৈ উজনি অসমত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটা বুলি অভিযোগ তুলিছে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাক্তন সাংসদ ৰিপুণ বৰাই ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্র সমালোচনা কৰাৰ লগতে চৰকাৰখন ৰাইজক নিৰাপত্তা প্ৰদানত ব্যর্থ হৈছে বুলি অভিযোগ তোলে। তেওঁ ৰাজ্যখনত যদি সঁচাকৈয়ে অবৈধ বিদেশী নাগৰিক আছে তেন্তে বিতাড়নৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। সংবাদমেলত প্রদেশ কংগ্ৰেছৰ উপ-সভাপতি মেহদি আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ, জ্যেষ্ঠ মুখপাত্র ঋতুপৰ্ণ কোঁৱৰ আৰু মুখপাত্ৰ ৰিতম সিং উপস্থিত থাক...

June 30, 2025 8:49 PM

views 90

ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ‘আছাম জাষ্টিছ’ শীৰ্ষক এটা প’ৰ্টেল মুকলি

অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে আজি ৰাজীৱ ভৱনত আছাম জাষ্টিছ শীৰ্ষক এটা প'ৰ্টেল মুকলি কৰে। বিধায়ক জাকিৰ হুছেইন সিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি অন্যান্য নেতা-কৰ্মীৰ উপস্থিতিত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই এই প'ৰ্টেলটো মুকলি কৰে। শ্ৰীশ‍ইকীয়াই অনুষ্ঠানৰ পাছত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, পথ আদিৰ সমস্যা সন্দৰ্ভত জনসাধাৰণে এই প'ৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। তেওঁ কয়, যে জনসাধাৰণে দাখিল কৰা সমস্যাসমূহ পঞ্জীয়ন কৰি এইক্ষেত্...

June 1, 2025 12:00 PM

views 127

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ জিলাত উপস্থিত গৌৰৱ

● অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে গৃহ জিলা যোৰহাটত উপস্থিত হয়। জিলাখনত কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতা-কর্মীয়ে তেওঁক আদৰণি জনায়। ৰৰৈয়া বিমান বন্দৰৰ পৰা নেতাগৰাকী যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে।

December 18, 2024 8:10 PM

views 69

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলৰ ৰাজভৱন চলো প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীৰ মৃত্যু

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত দলটোৰ সদস্যসকলে দেশজুৰি পালন কৰা ৰাজভৱন চলো কাৰ্যসূচীৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলেও আজি গুৱাহাটীত ৰাজভৱন চলো প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীক বাধা দিবলৈ আৰক্ষীয়ে ৰাজভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বেষ্টনী গঢ়ি তোলে। এই বেষ্টনী পাৰ হৈ যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা দিয়ে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ...

September 14, 2024 8:24 PM

views 58

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ বৈঠকত বিভিন্ন দলীয় কার্যকলাপ সম্বন্ধীয় শুনানী গ্রহণ

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ অনুশাসন কমিটীৰ কেইবালানি বৈঠকত কমিটীৰ অধীনস্থ বিভিন্ন জিলা, ব্লক সমিতিসমূহ আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ পৰা নিকট লোকসভা নিৰ্বাচনৰ সময়ত সংঘটিত বিভিন্ন দলীয় কার্যকলাপ সম্বন্ধীয় শুনানী গ্রহণ কৰা হয়। শুনানীকালত অনুশাসন কমিটীয়ে গোৱালপাৰা, কামৰূপ, হাইলাকান্দি, লখিমপুৰ, মাজুলী, তিনিচুকীয়া, বৰপেটা, কোকৰাঝাৰ, ধেমাজি, দক্ষিণ শালমাৰা মানকাচৰ, হোজাই, নগাঁও, দৰং, ওদালগুৰি, ধুবুৰী আৰু বাক্সা জিলাৰ ব্লক আৰু মণ্ডল কমিটীৰ লগতে বিভিন্ন পদবীধাৰী ব্যক্তিৰ পৰা ৫৬টাতকৈও অধিক দল বিৰোধী...