উজনিৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ অসম সাহিত্য সভাৰ দাবী উত্থাপন

অসম সাহিত্য সভাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। সাহিত্য সভাই কেইবাটাও দাবী উত্থাপন কৰি সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

সাহিত্য সভাই লগতে ৰাজ্যৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বানৰ বিজ্ঞান ভিত্তিক স্থায়ী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদি পুনৰ গঠনৰ বাবে বিশেষ অর্থনৈতিক পেকেজ ঘোষণা কৰাৰ বাবেও দাবী জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।