ইণ্ডোনেছিয়াৰ আচে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত চুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৮ লৈ বৃদ্ধি পাইছে আৰু ১০০ৰো অধিক লোকসন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহ প্ৰভাৱিত এলেকালৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে আৰু কৰ্তৃপক্ষসমূহে মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্রকাশ কৰিছে। বাট-পথৰ ক্ষতি সাধন হোৱাৰ লগতে যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত প্ৰভাৱিত এলেকাসমূহ বাকী অংশৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে। বিমানেৰে বেয়াকৈ ক্ষতিগ্ৰস্ত উত্তৰ সুমাত্ৰা প্ৰদেশত মধ্য তপানুলি দিলাত সাহাৰ্য সামগ্ৰী যোগান ধৰা হৈছে। প্ৰাকৃতিক বিপর্যয়ৰ ফলত দলং নষ্ট হোৱাৰ উপৰি গধুৰ আহিলা-পাতিৰ অভাৱত উদ্ধাৰ অভিযানত বাধা জন্মিছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে যোৱা সপ্তাহৰ পৰা হৈ থকা প্ৰৱল বৰষুণৰ ফলত উত্তৰ সুমাত্ৰা প্ৰদেশৰ মাজেৰে বৈ যোৱা কেইবাখনো নদীৰ পানী পাৰ ভাঙি ওলাই গৈছে। বাঢ়নী পানীয়ে হাজাৰ হাজাৰ বাসগৃহ বুৰাই পেলাইছে। যোৱা বৃহস্পতিবাৰে ৰিখটাৰ স্কেলত ৬ দশমিক ৩ প্রাবল্যৰ এটা ভূমিকম্পই সমগ্ৰ আচে প্ৰদেশ জোকাৰি যায়।
Assamese | November 29, 2025 7:21 PM | Akashvani | Akashvani News
ইণ্ডোনেছিয়াৰ আচে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত চুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৮ লৈ বৃদ্ধি