আয়ুষমান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাই মুঠ ১,৯৪৯ বিধ ৰোগৰ চিকিৎসা সামৰি লয়

আয়ুষমান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাই মুঠ ১,৯৪৯ বিধ ৰোগৰ চিকিৎসা সামৰি লয়। বিধানসভাত বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহলে এই কথা উল্লেখ কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালে বছৰত ৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা লাভ কৰে।

চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে তালিকাভুক্ত চিকিৎসালয়ত এই সেৱা উপলব্ধ হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত ১,৯৪৯ বিধ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ২৬৩ বিধ ৰোগৰ চিকিৎসা প্ৰদান কৰা হয়৷

ইপিনে ৰাজ্যত বৰ্তমান চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সংখ্যা সন্দৰ্ভত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰী সিংহলে কয়, যে ৰাজ্যত সম্প্ৰতি ১৪ খন চিকিৎসা মহাবিদ্যালয় আছে আৰু ১০০ খন আসন বিশিষ্ট ১০ খন চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণকাৰ্য পূর্ণ গতিত চলি আছে। ইয়াৰ ভিতৰত বঙাইগাঁও, বিশ্বনাথ আৰু চৰাইদেউ চিকিৎ‍সা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।