কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কয়, যে আমেৰিকা যুক্তৰাষ্ট্ৰ সৈতে ভাৰতৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিয়ে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে দেশখনক প্ৰতিযোগিতামূলক সুবিধা প্ৰদান কৰিব।
তেওঁ আশ্বাস দিয়ে যে, এই চুক্তিয়ে কৃষক অথবা আন কোনো অংশীদাৰৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰতে ৩৮ খন উন্নত ৰাষ্ট্ৰক সামৰি ৯ খন বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে। আজি নতুন দিল্লীত ভাৰতৰ ঔদ্যোগিক ৰূপান্তৰ সন্দৰ্ভত অনুষ্ঠিত ৩ দিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীগোৱেলে কয়, যে ভাৰতৰ ঔদ্যোগিক ৰূপান্তৰৰ ক্ষেত্ৰত গুণগত মান আৰু বিশ্বৰ বজাৰত প্ৰৱেশৰ সুবিধাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব।
তেওঁ লগতে উল্লেখ কৰে যে, উদ্ভাৱনৰ বাবে চৰকাৰ, ব্যক্তিগত খণ্ড আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা অতি প্রয়োজনীয়। বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰ, উদ্যোগ, শৈক্ষিক প্রতিষ্ঠান আৰু গৱেষণা সংস্থাসমূহৰ মাজৰ সমন্বিত প্ৰচেষ্টাৰ আহ্বান জনায়।
শ্রীগোৱেলে আশা প্রকাশ কৰে যে, ভাৰত পৰৱৰ্তী ২০ৰ পৰা ২৫ বছৰলৈ বিশ্বৰ আটাইতকৈ দ্রুত গতিত বিকাশশীল বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হ’ব। উল্লেখযোগ্য যে, এই সন্মিলনত ভাৰতৰ ঔদ্যোগিক ভৱিষ্যৎ সন্দৰ্ভত আলোচনাৰ বাবে নীতি-নির্ধারক, শিক্ষাবিদ, শিক্ষাৰ্থী আৰু গৱেষকসকল একত্রিত হয়।