March 2, 2025 8:11 PM | Blue Ghost at Moon

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্লু ঘোষ্ট মহাকাশ যানৰ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফায়াৰ ফ্লাই নামৰ মহাকাশ সংস্থাটোৰ ব্লু ঘোষ্ট নামৰ মহাকাশ যানখনে আজি চন্দ্ৰপৃষ্ঠৰ মেৰ ক্ৰিছিয়ামৰ সমীপত প্ৰথমবাৰৰ বাবে সফলতাৰে অৱতৰণ কৰে। চন্দ্ৰপৃষ্ঠত সফলতাৰে মহাকাশ যান অৱতৰণ কৰা এয়া হৈছে দ্বিতীয়টো ব্যক্তিগত অভিযান। মানৱ বিহীন এই মহাকাশ যানখনে বিভিন্ন বৈজ্ঞানিক পৰীক্ষণৰ ১০ টা সজুলি চন্দ্ৰপৃষ্ঠলৈ কঢ়িয়াই নিছে। পৃথিৱীৰ পৰা উৎক্ষেপন কৰাৰ পাছত এই মহাকাশ যানখনে ২.৮ মিলিয়ন মাইলছ অতিক্ৰম কৰি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে। সৌৰ পেনেল সংযুক্ত এই ব্লু ঘোষ্ট নামৰ মহাকাশযানখনে চন্দ্রপৃষ্ঠত ১৪ দিন পৰীক্ষা চলাব। ২০২৭ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই চন্দ্ৰপৃষ্ঠলৈ মহাকাশচাৰীক প্ৰেৰণ কৰাৰ পদক্ষেপৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছে। চন্দ্ৰপৃষ্ঠত এতিয়ালৈকে ৫ খন ৰাষ্ট্ৰ ক্ৰমে- ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত আৰু জাপানৰ মহাকাশযানে মসৃনভাৱে সফলতাৰে অৱতৰণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।